মালিক চাহাবৰ গাজা আৰু মজা
সম্পাদনা হোমেন বৰগোহাঞি, সংকলন- চৈয়দ জৱাহৰ হুছেইন আৰু চৈয়দা মঞ্জুমা ৰাহাট/ষ্টুডেণ্টচ ষ্ট’ৰছ/ প্ৰথম প্ৰকাশ-২০০৩/মূল্য-৩৫/ মুঠ পৃষ্ঠা- ৯৬
চৈয়দ
আব্দুল মালিকে বিভিন্ন সময়ত কোৱা গজা আৰু তেখেতৰ
কিছুমান অর্থজ্ঞাপক কথাৰে সজোৱা কিতাপখনে যিকোনো ব্যক্তিকে হাঁহিৰ খোৰাক যোগাব৷ কিতাপখনৰ
পৰা তিনিটা অংশ তুলি দিয়া হ’ল-
১.
‘অসমীয়া শব্দকোষত বিভিন্ন ভাষাৰ বহু শব্দ আছে৷ বিভিন্ন সময়ত বিভিন্ন শব্দ সোমাই অসমীয়াত
জাহ গৈছে৷ নির্ভূল অর্থজ্ঞাপক অসমীয়া শব্দ থাকোঁতে তাক ব্যৱহাৰ নকৰি অন্য ভাষাৰ শব্দ
ব্যৱহাৰ কৰাটো অবাঞ্ছনীয় কথা৷ কিন্তু কিন্তু প্ৰয়োজনীয় আৰু অপৰিহার্য অনা-অসমীয়া শব্দ
ব্যৱহাৰ কিৰবলৈ ভয় কৰি বা অস্বীকাৰ কৰি গাৰ বলেৰে কঠিন প্ৰতিশব্দ কৰি ৰাইজৰ ওপৰত জাপি
দিবলৈ যত্ন কৰাৰো কোনো সার্থকতা নাই৷ এখন দিনে দিনে সৰু হৈ অহা পৃথিৱীত, নিজৰ এবুৰিমান
শব্দকে সাবটি ধৰি থাকি, পৃথিৱীৰ জ্ঞান-বিজ্ঞানৰ জগতখনত সোমোৱাটো সহজ কাম নহ’ব৷ ফাউন্টেন
পেনক নিজৰি কাপ বা টর্চ লাইটক চোৰ চাকি নাম
দি আত্মপ্ৰসাদ লাভৰ চেষ্টা কৰিব পাৰি নাইবা কে’প অব্ গুড হ’পক উত্তমাশা অন্তৰীপ নাইবা বে’টেল অব্
ৰ’জেছ’ক ‘গোলাপ যুদ্ধ’ নাম দি নামবাচক শব্দকো অসমীয়া কৰিবলৈ চেষ্টা কৰি শ্ৰমৰ অপচয়
নির্দশন দাঙি ধৰিব পাৰি, কিন্তু আন কোনোবাই যদি ‘মূলা গাভৰুক'ক ‘ৰেদিচ ইয়ং লেডী’, ‘নাইবা
‘কুকুৰা চোৱা ভুতৰ পুতেকৰ খবৰক’ ‘দি নিউজ অব্ দি ফাউল ৱাচিং ঘ’ষ্ট’ কৰি প্ৰতিশোধ লয়
আমাৰ বাধা দিয়াৰ উপায় নাথাকিব৷ (পৃষ্ঠা-৯০)
২.
এবাৰ কোনোবা এখন কাকতত মালিক ছাৰে লিছিল অসমত বহুত অথাঁৎ বিভিন্ন ধৰণৰ সাহিত্যিক আছে
যেনে- সাহিত্য লিখা সাহিত্যিক, সাহিত্য নিলিখা সাহিত্যিক, লিখিম বুলি ভাবি থকা সাহিত্যিক,
কিছুদিন লিখি আৰু নিলিখোঁ বোলা সাহিত্যিক, হৈ গ’ল সাহিত্যিক, হ’লহেঁতেন সাহিত্যিক,
হওঁ হওঁ সাহিত্যিক, তিৰস্কৃত সাহিত্যিক, পুৰস্কৃত সাহিত্যিক, আৱিস্কৃত সাহিত্যিক, নিজৰ
বাহিৰে আন কোনোৱেই সাহিত্যিক নহয় বুলি ভভ=বা সাহিত্যিক, সিজনে লিখা কিতাপখন ময়ে লিখিব
পাৰিলোহেঁতেন (নিলিখিলো কাৰণেহে) বোলা সাহিত্যিক, নিজৰ লেখা কিতাপৰ বাহিৰে আন কৰোৰে
কিতাপ মেলি নোচোৱা সাহিত্যিক, গৌণ সাহিত্যিক, মৌন সাহিত্যিক.
যৌন সাহিত্যিক, সভালৈ প্ৰতিনিধি হৈ যোৱা সাহিত্যিক,
সভাত বিয়াগোম বিয়াগোম সাহিত্যিকৰ মুখলৈ চাই বজি নোপোৱা বক্তৃতা শুনি থকা সাহিত্যিক,
কার্য নিবার্হকৰ বিষয়ববীয়া হবৰ কাৰণে কেনভাছ কৰি ফুৰা সাহিত্যিক, ব্যগ্ৰ সাহিত্যিক,
উগ্ৰ সাহিত্যিক, নীৰৱ সাহিত্যিক, পৰৱ সাহিত্যিক (এওলোকে সাহিত্য বোলে পূঁজা-পৰবতহে
উক দিয়ে), অনুবাদ সাহিত্য লিখা সাহিত্যিক, বাদানুবাদ লিখা সাহিত্যিক, অপবাদ সাহিত্য
লিখা সাহিত্যিক, বৰবাদ সাহিত্যিক ইত্যাদি৷ মুঠতে বোলে অসমখন সাহিত্যিকেৰে ভৰি আছে৷
(বিপুল বৰা, পৃষ্ঠা ৮৭)
৩.
এবাৰ মিচিং যুৱক সংঘৰ সভা এখনত সভাপতিত্ব কৰিবৰ কাৰণে মালিক ছাৰক নিমন্ত্ৰণ কৰিছিল৷
নিদিষ্ট সময়ত সভাস্থলীত উপস্থিত হৈ দেখা পালে সভাত তেতিয়াও ৰভা নির্মাণৰ কাম চলি আছে৷
একাষে গৈ ৰওঁতেই এজন আদহীয়া কর্মীয়ে সেইখন সভাৰে হ’ব লগীয়া সভাপতিজনক দর্শক বুলি ভাবি
নিদের্শ দিলে- “ঐ, কি বেবা (ভেব) লাগি ছাই আছ ? আমাৰ অবাপতি আয়িবৰ ঐছে.বাঁহডাল দৰ৷”
মালিক ছাৰে বাঁহডালত হাত দিব খোজোঁতেই সভাৰ উদ্যোক্তা এজনে দৌৰি আহি “এও আমাৰ সভাপতি”
বুলিতাৰ পৰা গৈহে কাম কৰাৰ পৰা ৰক্ষা কৰিলে৷ (নগেন বৰা, পৃষ্ঠা-৩০)



0 মন্তব্যসমূহ