সকলো শিক্ষার্থীলৈ এইবাৰৰ হাইস্কুল
শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী, সাধাৰণ বিজ্ঞান, সাধাৰণ গণিত আৰু সমাজ বিজ্্যান বিষয়ৰ ক্ষেত্ৰত
উকা উত্তৰ বহী বয়ৱহাৰৰ কেইটামান গুৰুপ্তপূর্ণ নিদের্শনা:-
১. উপৰুক্ত বিষয়সমূহত উত্তৰ লিখাৰ
বাবে দুই ধৰণৰ বহী থাকিব৷
২. প্ৰথমতে নিৰীক্ষক মহোদয়ে ৮ পৃষ্ঠাযুক্ত
উত্তৰ বহী দিব৷ এই বহীখন হাতত পোৱাৰ লগে লগে নিদিষ্ট স্থানত ৰোল নং, বিষয়, পঞ্জীয়ন
নং ইত্যাদি শুদ্ধকৈ লিখিব লাগিব৷ এইখন বহীত প্ৰশ্ন নং ১ৰ পৰা ৫ নং লৈকে থকা প্ৰশ্ন
(Objective Type) ৰ উত্তৰ প্ৰশ্নমতে লিখিব লাগিব৷ কেৱল নির্ধাৰিত স্থানতহে প্ৰশ্ন নং
অনুযায়ী শুদ্ধ উত্তৰ লিখিব লাগিব৷ উত্তৰ লিখাৰ বাবে প্ৰয়োজন হোৱা Rough Work ২ নং আৰু ৮ নং পৃষ্ঠাত কৰিব পাৰিব৷ তদুপৰি প্ৰয়োজন
হ’লে অতিৰিক্ত পৃষ্ঠা ল’ব পাৰিব৷
৩. পৰীক্ষা আৰম্ভ হোৱাৰ ৪৫ মিনিট পিছত
নিৰীক্ষকে মহোদয়ে ১৬ পৃষ্ঠাযুক্ত দ্বিতীয়খন উত্তৰ বহী দিব৷ উত্তৰ বহী পোৱাৰ লগে লগেই
পৰীক্ষার্থীয়ে নিজৰ ৰোল নং, বিষয়, পঞ্জীয়ন নং ইত্যাদি দ্বিতীয়খন বহীতো শুদ্ধভাৱে লিখিব
লাগিব৷
৪. দ্বিতীয়খন বহীত ৬ নং প্ৰশ্নৰ পৰা
শেষ প্ৰশ্নলৈকে উত্তৰ লিখাৰ আগতেই দুয়োখন বহী সূতাৰে গাঁঠি দিব লাগিব যাতে বহী ইফাল
সিফাল নহয়৷
৫. দুয়োখন বহী সংলগ্ন কৰাৰ সময়ত প্ৰথেম
পোৱা ৮ পৃষ্ঠাযুক্ত বহী (Objective Type) খন
ওপৰত ৰাখিব লাগিব৷
৬. দুয়োখন বহী নিৰীক্ষক মহোদয়ক জমা
দিব লাগিব৷
0 মন্তব্যসমূহ