বিভিন্ন দিশত প্ৰথম অসমীয়া নাৰী (নাৰী দিৱস)

আর্ন্তজাতিক নাৰী দিৱস:- 



আজি ৮ মার্চ৷ এই দিনটো পৃথিৱীৰ সকলো ঠাইতে নাৰী দিৱস ৰূপে পালন কৰা হয়৷ ১৯৭৫ চনত ৰাষ্ট্ৰংঘৰ আহ্বানক্ৰমে ৮ মার্চত এই দিনটো পালনৰ সিধান্ত গ্ৰহণ কৰা হয়৷ নাৰী দিৱসৰ লগত সংগতি ৰাখি বিভিন্নদ দিশত প্ৰথম অসমীয়া নাৰীৰ কিছু তথ্য দাঙি ধৰা হ’ল--

ü  প্ৰথম অসমীয়া মহিলা শাসক- ফুলেশ্বৰী কুঁৱৰী (আহোম ৰজা শিৱ সিংহৰ পত্নী)




ü  যুদ্ধক্ষেত্ৰলৈ যোৱা প্ৰথম অসমীয়া মহিলা- মূলা গাভৰু৷



ü  অসমৰ প্ৰথম গৰাকী এম. এ. বি. টি, প্ৰথম সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া অধ্যক্ষা- সুধালতা দুৱৰা (১৮৯৬-১৯২৮)

ü  প্ৰথম অসমীয়া মহিলা গ্ৰেজুৱেট- সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা৷

ü  প্ৰথম অসমীয়া এম. এছ. চি পাছ কৰা মহিলা- অমলপ্ৰভা দাস৷

ü  চিকিৎসা শাস্ত্ৰ পঢ়িবলৈ বিলাতলৈ যোৱা প্ৰথম অসমীয়া মহিলা- ডা° নির্মলপ্ৰভা চলিহা, এম বি চি ডব্লিউ

ü  পি এইচ ডি লাভ কৰা প্ৰথম মহিলা- ডাঃ কমলা ৰায় (ফ্ৰাঞ্চ), তিলোত্তমা গগৈ (লণ্ডন) ৷

ü  সাহিত্য বিষয়ত ডক্টৰেট লাভ কৰা প্ৰথম প্ৰথম অসমীয়া মহিলা- নির্মলপ্ৰভা বৰদলৈ৷



ü  অসম মহিলা বিশ্ববিদ্যালয়ৰ (যোৰহাট) ৰ প্ৰথম গৰাকী উপাচার্য-° মালিনী গোস্বামী৷




ü  প্ৰথম অসমীয়া উপন্যাস লেখিকা- পদ্মাৱতী দেৱী ফুকননী (১৮৫৩-১৯২৭)

ü  অসমৰ প্ৰথম ছোৱালী হাইস্কুলৰ প্ৰথম প্ৰধান শিক্ষয়িত্ৰী- হেমপ্ৰভা দাস (১৮৮৬-১৯২৪)

ü  অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা- ৰাজবালা দাস (সন্দিকৈ কলেজ, ১৯৩৯)



ü  প্ৰথম অসমীয়া মহিলা আই এ এছ- পাৰুল দাস (১৯৭৫)



ü  প্ৰথম অসমীয়া মহিলা ডি আই জি- ভায়লেট বৰুৱা



ü  প্ৰথম অসমীয়া মহিলা আই পি এছ- ইয়ামিন হাজৰিকা (১৯৭৯)



ü  প্ৰথম অসমীয়া মহিলা মহকুমাধিপতি- শুচিব্ৰতা ৰায়চৌধুৰী (১৯৫৪)



ü  প্ৰথম অসমীয়া মহিলা উপায়ুক্ত- গায়ত্ৰী বৰুৱা

ü  প্ৰথম অসমীয়া মহিলা মুখ্য সচিব- শকুন্তলা গামলিন৷



ü  প্ৰথম অসমীয়া মহিলা আৰক্ষী উপ-পৰিদর্শক- ৰেণু বৰফুকন

ü  প্ৰথম অসমীয়া মহিলা চিকিৎসক- ডাঃ ৰজনীপ্ৰভা দাস (১৯২৯)

ü  প্ৰথম অসমীয়া মহিলা মনোবিজ্ঞানী- ডাঃ দিপালী দত্ত



ü  প্ৰথম অসমীয়া মহিলা আয়ুবের্দিক চিকিৎসক- অপূর্বলতা বেজবৰুৱা

ü  অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম মহিলা অধ্যক্ষা- দিপালী দত্ত৷

ü  ভাৰতীয় বায়ু সেনাৰ প্ৰথম অসমীয়া মহিলা অফিচাৰ- বর্ণালী গগৈ৷

ü  প্ৰথম অসীয়া ভ্ৰমণ কাহিনীৰ লেখিকা- সৰোজ বালা দত্ত (১৮৮৫-১৯৭৩)

ü  প্ৰথম অসমীয়া মহিলা চুটি গল্প লেখিকা- যুমনেশ্বৰী খাটনিয়াৰ (১৮৯৯-১৯২৪)



ü  অসম সাহিত্য সভাৰ প্ৰথম সভানেত্ৰী- নলিনীৱালা দেৱী (১৮৯৮-১৯৭৭)

ü  প্ৰথম অসমীয়া শোককাব্য গ্ৰন্থ লেখিকা- হিমলা বৰুৱানী (১৮৭৭-১৯৪৮)

ü  অসমৰ প্ৰথম মহিলা ঠিকাদাৰ- মোহিনী ৰাজকুমাৰী (১৮৮৩-১৯৮৩)



ü  প্ৰথম অসমীয়া মহিলা পাইলট- ধীৰা হাজৰিকা চলিহা (১৯৬১)



ü  প্ৰথম অসমীয়া মহিলা অভিযন্ত্ৰা- ৰীতা দত্ত (১৯৫৫, বৈদ্যুতিক)৷

ü  প্ৰথম অসমীয়া মহিলা চিভিল অভযন্ত্ৰা- চিত্ৰলেখা বৰকাকতি৷

ü  প্ৰথম অসমীয়া মহিলা যান্ত্ৰিক অভিযন্ত্ৰা- বন্দিতা ফুকন৷



ü  প্ৰথম অসমীয়া মহিলা ৰাসায়নিক অভিযন্ত্ৰা- সুৰেয়া বেগম৷

ü  প্ৰথম অসমীয়া মহিলা মুখ্য অভিযন্ত্ৰা- নয়ন ভাণ্ডাৰী৷

ü  অসমৰ প্ৰথমটো মহিলাৰ বেংক কনকলতা মহিলা সমবায় বেংকৰ প্ৰতিষ্ঠাপক- লখিমী বৰুৱা৷  



ü  সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা- নলিনীৱালা দেৱী (অলকানন্দা, ১৯৬৮)

ü  অসম সাহিত্য সভাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়া মহিলা- ধর্মেশ্বৰী দেৱী বৰুৱানী (কাব্য ভাৰতী, ১৯৫৬)

ü  ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথম মহিলা কাৰাবন্দী- গুণেশ্বৰী দেৱী (১৮৯২-১৯৬২)



ü  ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ  ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ- কনকলতা বৰুৱা (১৯৪২ চনৰ ২০ ছেপ্তেম্বৰ)



ü  প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ-জেউতি’ৰ সম্পাদিকা- কমলালয়া কাকতি৷ (১৮৯৪-১৯৪৬)



ü  অসম লেজিছলেটিভ কাউঞ্চিলৰ প্ৰথম সভানেত্ৰী- জুবেইদা আতাউৰ ৰহমান (১৮৯৮-১৯)

ü  জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা- মামণি ৰয়ছম গোস্বামী (২০০০)



ü  শংকৰদেৱ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা- ইন্দিৰা মিৰি (২০০২)




ü  প্ৰথম অসমীয়া মহিলা সাহিত্যিক পেঞ্চনাৰ- নলিনীৱাল দেৱী (১৯৫৪)

ü  পদ্মবিভূষণ লাভ কৰা প্ৰথম অসমীয়া মহিলা- অমলপ্ৰভা দাস (১৯৫৫, প্ৰত্যাখ্যান)

ü  পদ্মভূষণ লাভ কৰা প্ৰথম অসমীয়া মহিলা- পুস্পলতা দাস (১৯৯৯)

ü  পদ্মশ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা- অমলপ্ৰভা দাস (১৯৫৪)



ü  পদ্মশ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা কবি- নলিনীৱালা দেৱী (১৯৫৭)



ü  উচ্চ ন্যায়লয়ৰ প্ৰথম মহিলা বিচাৰপতি- মীৰা শর্মা৷

ü  বিধান সভাৰ প্ৰথম মহিলা উপাধ্যক্ষ- বনেলি খংমেন (১৯৪৬)

ü  অসম বিধান সভাৰ নির্বাচনত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা- চন্দ্ৰপ্ৰভা শইকীয়া৷  



ü  প্ৰথম অসমীয়া মহিলা বিধায়ক- উষা বৰঠাকুৰ৷

প্প  প্ৰথম অসমীয়া  মহিলা মন্ত্ৰী- মেভিজ ডান (১৯৩৭)

ü  প্ৰথম অসমীয়া মহিলা সাংসদ- বেগম মফিদা আহমেদ (১৯৫৭)



ü  ৰাজ্যসভাৰ প্ৰথম অসমীয়া মহিলা সদস্যা- পুস্পলতা দাস (১৯৫১)



ü  অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী- ছৈয়দা আনোৱাৰা টাইমূৰ (১৯৮০-১৯৮১)



ü  অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী- ৰেণুকা দেৱী বৰকটকী (১৯৭৭, শিক্ষা আৰু সমাজ কল্যাণ)



ü  অসমত সহ অভিনয় কৰা প্ৰথম অভিনেত্ৰী সকল- গোলাপী দাস, সর্বেশ্বৰী দাস, ফুলেশ্বৰী দাস, লাৱণ্য দাস, শৈলবালা দেৱী আৰু বিনদা গগৈ৷ (১৯৩১ চনত ব্ৰজনাথ শর্মাৰ কহিনুৰ অপেৰা পার্টি)

ü  ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰা প্ৰথম অসমীয়া অভিনেত্ৰী- অনুপমা ভট্ৰাচার্য (১৯৬৩, নটৰাজ থিয়েটাৰ)



ü  অসমীয়া চলচিত্ৰৰ প্ৰথম নায়িকা- আইদেউ সন্দিকৈ (জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৯৩৫ চনৰ জয়মতী’ত অভিনয়)



ü  দ্বৈত চৰিত্ৰত অভিনয় কৰা প্ৰথম অসমীয়া অভিনেত্ৰী- মৃদুলা বৰুৱা (মেঘমুক্তি, ১৯৭৯)



ü  শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া অভিনেত্ৰী- মলয়া গোস্বামী (ফিৰিঙতি, ১৯৯১)



ü  আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত ভাগ লোৱা প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী- জ্ঞানদা কাকতি




ü  শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ অসমীয়া মহিলা শিল্পী- তৰালী শর্মা (২০০৪, আকাশী তৰাৰ কথাৰে….)



ü  প্ৰথম অসমীয়া মহিলা চলচ্চিত্ৰ পৰিচালিকা- সুপ্ৰভা দেৱী (নয়নমণি, ১৯৮৩)



ü  তথ্যচিত্ৰ নির্মাণ কৰা প্ৰথম অসমীয়া মহিলা- আভা হাজৰিকা (ভুল, ১৯৮০)

ü  অর্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা- মনালিছা বৰুৱা মেহতা (১৯৮৭)



ü  অসমৰ প্ৰথম মহিলা ক্ৰিকেট আম্পায়াৰ- জয়শ্ৰী দেৱী

ü  অলিম্পিকত অংশগ্ৰহণ কৰা আৰু পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া মহিলা- লাভনীনা বৰগোহাঁই (টকিঅ’ অলিম্পিক, ২০২০)




ü  কমনৱেলথ গেমছত পদক প্ৰাপ্ত প্ৰথম অসমীয়া মহিলা- নয়নমণি শইকীয়া (২০২২, লন বল)




ü  বিশ্ব চেম্পিনশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা- হীমা দাস (২০১৮)



ü  কোনো ৰাষ্ট্ৰীয় পর্যায়ৰ প্ৰতিযোগিতত পদক যয় কৰা অসমীয়া মহিলা খেলুৱৈ - তৈবুন নিছা (ডিছকাছ, ১৯৭১ চনৰ গুজৰাটত অনুষ্ঠিত নৱম ৰাষ্ট্ৰীয় এথলেটিক মীট৷) 



ঊ উইম্বলডন ত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া প্ৰতিযোগী- ছুছান দাস৷ 

অসম আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ- বৈজয়ন্তী দেৱী৷




লাইফ আলোচনীৰ বেটুপাতত স্থান লাভ কৰা প্ৰথম অসমীয়া অভিনেত্ৰী- ইভা আচাও৷ 



মৰণোত্তৰভাৱে দেহদান কৰা প্ৰথম অসমীয়া মহিলা- ইলোৰা ৰায়চৌধুৰী

অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী- অজন্তা নেওঁগ

ডাকটিকটত স্থান লাভ কৰা বর্তমানলৈ অসমৰ  প্ৰথম  একমাত্ৰ মহিলা-  চন্দ্ৰপ্ৰভা শইকীয়া





লেকমে ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা ডিজাইনা- সংযুক্তা  দত্ত



একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ