ৰ’দে বৰষুণে- দীপালী ভট্ৰাচার্য বৰুৱা শৰাইঘাট প্ৰকাশন/ প্ৰথম প্ৰকাশ ১৯৯৮/ বেটুপাত- বেণু মিশ্ৰ৷ মূল্য- ৫০.০০/ পৃষ্ঠা- ১২৯ কবি হীৰেন ভট্ৰাচার্যৰ পাঠিকা দীপালী ভট্ৰচার্য বৰুৱাই কবিৰ জীৱনী কল্পনাপ্ৰসূত কাহিনীৰ পৰা আঁতৰাই অগতানুগতিক কিন্তু তথ্যপূর্ণ ভাৱে লিপিবদ্ধ কৰিবলৈ যাওতে কেইবাবছৰো কষ্ট কৰিব লগা হৈছে ৷ গ্ৰন্থখন সর্ম্পকে অতুলানন্দ গোস্বামীয়ে মন্তব্য কৰিছিল, “আমাৰ ভাষাতে বহুতো সাহিত্যিকৰ জীৱনকালতে প্ৰকাশ পোৱা জীৱনী গ্ৰন্থ বহুতো ওলাইছে৷ কিন্তু হীৰেন ভট্ৰাচার্যৰ কবিতা আৰু জীৱনে অনুপ্ৰাণিত কৰা দীপালীৰ হাতৰ এইখন গ্ৰন্থেৰে ৰিজাব পৰা জীৱন কাহিনী…
এক ধীমানৰ জীৱনপঞ্জী- ৰূপান্তৰ- মৌচুমী কন্দলী (Daiary of A Genius- Salvador Dali ৰ অনুবাদ) আঁক-বাক/ প্ৰচ্ছদ:- ছালভাদৰ দালিৰ পেইণ্টিং ‘দ্য এণ্টৰ’ৰ আধাৰত প্ৰথম প্ৰকাশ- ২০০৯/ মূল্য- ১২০.০০/ পৃষ্ঠা- ১৯২ চিত্ৰশিল্পী ছালভাদৰ দালিৰ এইখন আত্মজীৱনী গল্পকাৰ, কলা সমালোচক মৌচুমী কন্দলীয়ে প্ৰথমে ২০০২-০৪ লৈ ‘আজিৰ অসম’ কাকতৰ মাহেকীয়া আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিল৷ উদ্ভট-অতি-অধিবাস্তৱিক চৰিত্ৰৰে ভৰা আত্মজীৱনীৰ যোগেদি চিত্ৰকৰৰ বিস্ময়কৰ জীৱনটোৰ কিছু কথা পাঠকে জানিব পাৰিব৷ সহজ সৰল অনুবাদ যদিও কাব্যকতাৰ আভাষ দেখিবলৈ পোৱা যায়৷ অসমীয়া অনুবাদ সাহিত্যত এ…
চীনা এডমিৰেলৰ জাল- ধ্ৰুৱজ্যোতি বৰা বনলতা/ প্ৰথম প্ৰকাশ-২০০৪. প্ৰচ্ছদ: দাদুল চলিহা ভ্ৰমণ সাংবাদিকতা/ মূল্য-৫৫.০০/ পৃষ্ঠা-১৫২ ব্যক্তিগত অভিজ্ঞতাৰ নির্মাণেৰে সিক্ত আৰু সতেজ তিনিটা ভ্ৰমণ কাহিনীৰ সংকলন৷ ক) চীনা এডমিৰেলৰ জাল- কেৰেলাৰ মাটিত এজন চীনা এডমিৰেলৰ (মংগোল সম্ৰাটৰ প্ৰধান হিজৰা ঝেং-হী) খোজৰ চিন বিচৰা এক অভিনৱ যাত্ৰা কাহিনী খ) ছিন্নমূল মানুহ- ভাৰতত থকা তিব্বতী শৰনার্থী সমাজৰ (গেংটক, কালোম্পঙ, দিল্লী আৰু ধমৰশালাৰ মেকলংডঞ্জ ভ্ৰমণৰ আধাৰত) জীৱন আৰু আশাৰ জলছবি গ) ইছলামৰ আৱিস্কাৰত এক অসম্পূর্ণ যাত্ৰা- গুজৰাটৰ পৰা বিজাপুৰলৈ দিল্লীৰ পৰা অসমল…
বিলাতৰ চিঠি- ধীৰা হাজৰিকা আঁক-বাক/ প্ৰথম প্ৰকাশ ২০১৩ ভ্ৰমণ কাহিনী/ মূল্য- ১৬০.০০/ পৃষ্ঠা- ১৭৬ উত্তৰ পূর্বাঞ্চলৰ প্ৰথম মহিলা বৈমানিক ধীৰা চলিহা হাজৰিকাই যোৰহাটৰ পৰা গৈ লণ্ডন নিবাসী হৈছিল৷ তেওঁৰ স্বামী সুৰকাৰ, গীকাৰ কমল হাজৰিকা৷ লণ্ডনৰ কাহিনী অসম বাণী কাকতত ‘বিলাতৰ চিঠি’ ৰূপে প্ৰকাশ হৈছিল৷ তাৰেই একত্ৰিত সংকলন হৈছে ‘বিলাতৰ চিঠি’৷ গ্ৰন্থখনৰ পৰা একাংশ:- “ৰাণী এলিজাবেথ কমনৱেলথ অনুষ্ঠানৰ মুৰব্বী৷ সেয়ে ৰাণীয়ে প্ৰত্যক বছৰে জুন মাহত এটা গার্ডেন পার্টী দিয়ে৷ এই পার্টীলৈ গোটেই পৃথিৱীৰ নামজ্বলা লোক, ডিপ্ল’মেট আৰু স্থানীয় লর্ড, লেডী বা বিশেষ প…
মোল্লা নাচিৰুদ্দিনৰ কাহিনী- দীপজ্যোতি নেওঁগ অৰুণোদয় প্ৰকাশন, যোৰহাট/ প্ৰথম প্ৰকাশ- ১৯৯৯/ প্ৰচ্ছদ ও অলঙ্কৰণ- ৰবীন বৰুৱা৷ মূল্য- ১৮.০০/ পৃষ্ঠা-৪২ গ্ৰন্থখনৰ পৰা এটা কাহিনী স্বর্গলৈ যোৱাৰ সহজ উপায় :- বাদশ্বাহে এদিন নাচিৰুদ্দিনক দৰবাৰলৈ মাতি নি সুধিলে- “তুমি এনে কোনো সহজ উপায় জানা নেকি যাৰ দ্বাৰা মই ৰাজ দৰবাৰৰ পৰা পোনচাটেই র্স্বগলৈ যাব পাৰো ?” নাচিৰুদ্দিনে মূৰ দুপিয়াই উত্তৰ দিলে- “হয় জাহাপনা, আপুনি কাম-বন বাদ দি কেৱল শুই থাকক৷ তেতিয়া বিচনাৰ পৰাই যাব পাৰিব স্বর্গলৈ৷” “কি ল’ৰা ধেমালি কৰিবলৈ আহিছা ? বিচনাত শুই থাকিনো স্বর্গলৈ যাব পাৰিনে …
Social Plugin