৩০ জানুৱাৰী বাপুজীৰ আজি মৃত্যু তিথি৷ স্বহীদ দিৱসৰ পৱিত্ৰ ক্ষণত জাতীৰ পিতা মহাত্মা গান্ধীলৈ সশ্ৰদ্ধ প্ৰণিতাত জনাই অসমলৈ তেখেতে আহোতে প্ৰকাশ পোৱা দুটা বাতৰিৰ একাংশ দাঙি ধৰা হৈছে- অসমত মহাত্মা ক) তেজপুৰৰ শিপিনী ভঁৰালত :- মহাত্মা গান্দী সদলবলে তেজপুৰ মহিলা সমিতিৰ শিপিনী ঁৰালৈ গৈ সমবেত ভদ্ৰমহিলাসকলক দর্শন দিয়ে৷ তেত তেখেতে তেজপুৰ মহিলা সমিতিৰ সভানেত্ৰী আৰু শিপিনী ভঁৰালৰ পৰম হিতৈষিণী স্বর্গীয়া কিৰন্ময়ী আগৰৱালা দেৱীৰ ফটো উন্মোচন কৰে৷ তাৰ পিছত সূতাকটা আৰু অস্পৃশ্যতা বর্জনৰ বিষ্যে উগনি দি তেখেতে এটি শুৱলা ভাষণ দিয়ে আৰু হৰিজন কার্যোপলক্ষে সহায় ভিক…
৪৫১. অসমৰ ২০১২-১৭ বর্ষৰ পঞ্চবার্ষিক পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা খণ্ডটো হৈছে - ক) পৰিবহন খণ্ড খ) গ্ৰাম্য অর্থনীতি * গ) আর্ন্তজাতিক বাণিজ্য ঘ) স্বাস্থ্য খণ্ড (* এই উন্নয়নে কৃষি আৰু আনুষংগিক খণ্ড, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, হস্ততাঁত আৰু কুটিৰ শিল্পক সামৰি লৈ নগৰ আৰু গাঁৱৰ মাজত থকা বৈষম্য দূৰীকৰণত সহায় কৰিব৷ ) ৪৫২. ব্যক্তিগতকৰণ * হৈছে- ক) চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি৷ খ) বেচৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া …
জি-২০ ভাৰতবর্ষই ২০২২-২৩ চনৰ বাবে জি-২০ ৰাষ্ট্ৰগোটৰ সভাপতি বা প্ৰেছিডেণ্টৰ আসন লাভ কৰিছে৷ সেই গতিকে জি-২০ বিষয়ক কিছু তথ্যৰ আভাষ লওঁ আহক- ü জি-২০ (Group of Twenty) হৈছে মুখ্যতঃ বিশ্বৰ প্ৰধান প্ৰধান উন্নত আৰু উন্নয়নশীল দেশসমূহৰ এটা আন্তঃচৰকাৰী প্ৰতিষ্ঠান৷ প্ৰতিষ্ঠানটোত ভাৰতৰ উপৰিও আছে আমেৰিকা, ব্ৰিটেইন, ইউৰোপীয় সংঘ, চীন, ৰাছিয়া, অষ্ট্ৰেলিয়া, আর্জেণ্টিনা, ব্ৰাজিল, কানাডা, ফ্ৰাঞ্চ, জার্মেনি, ইণ্ডোনেছিয়া, ইটালি, জাপান, দক্ষিণ কোৰিয়া, মেক্সিকো, ছৌডি আৰব, দক্ষিণ আফ্ৰিকা আৰু তুৰস্ক৷ ü ইয়াৰ সদস্য দেশবোৰ মিলালে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ ৮৫% থ…
শেষতীয়াকৈ তিনিখন চিনেমা চালো৷ Pleasure (2021):- ফৰাছী ভাষাৰ Ninja Thyberg পৰিচালিত এইখন যৌনাত্মক ড্ৰামাৰ কাহিনীৰ নায়িকা এগৰাকী ১৯ বছৰীয়া চুইডীন গাভৰু লিয়েনা৷ তাইৰ সপোন লছ এঞ্জেলছত গৈ এগৰাকী PornStar হ’ব৷ প্ৰতিবছৰে শেষৰ ফালে ভাৰতৰ জনপ্ৰিয় সাপ্তাহিক আলোচনী India Today এ Sex Survey ৰ সংখ্যা এটা ছপায়৷ তাতে এবাৰ পাইছিলো যে দেশৰ স্মাটর্ফোন হাতত থকা ৮৫% লোকেই নিজৰ ৰুচিসন্মত পর্ণ উপভোগ কৰে৷ কিন্তু প্লিজাৰত পৰিচালিকাই এগৰাকী পর্ণষ্টাৰে কিমান কষ্ট কৰিব লগা হয় তাক বাস্তৱসন্মতকৈ দেখাইছে৷ চিনেমাখনৰ অভিনেতা অভিনেত্ৰীসকলৰো একাংশ পেছাগত পর্ণষ্টাৰ অথ…
দেশভক্ত তৰুণৰাম ফুকন (২২ জানুৱাৰী ১৮৭৭- ২৮ জুলাই, ১৯৩৯) অসমত প্ৰথমবাৰৰ বাবে চাইকেল আৰু গাড়ী চলাই বিলাসপ্ৰিয় মানসিকতাৰ পৰিচয় দিয়া তৰুণৰাম ফুকনে মুগা বৰণৰ দুটা আৰৱী ঘোঁৰা আৰু বিলাতী কুকুৰ পুহিছিল৷ জন্তু চিকাৰৰ লগতে বৰশী বাই তেওঁ ডাঙৰ মাছো চিকাৰ কৰাত চখ ৰাখিছিল৷ তেখেতই আছিল প্ৰথম অসমীয়া মাছপোহা আদর্শ খেতিয়ক৷ কুষ্ঠৰোগৰ উন্নত চিকিৎসা প্ৰচলন নথকাত তেওঁ গুৱাহাটীত প্ৰথমবাৰৰ বাবে কুষ্ঠাশ্ৰম প্ৰতিষ্ঠা কৰিছিল৷ সুদক্ষ চিকাৰী আৰু হাতীৰ ব্যৱসায়ী বলৰাম ফুকন আৰু ভাগীৰথী দেৱীৰ সন্তান কবি, সুবক্তা, আইনজীৱি তৰুণৰাম ফুকন সর্ম্পকীয় কেইটামান লেচেৰী- কটন কলে…
Social Plugin