ডাঙৰ মানুহৰ সাধু- দিগন্ত ওজা বান্ধৱ/ প্ৰথম প্ৰকাশ ২০২০ (দ্বিতীয় প্ৰকাশ ২০২১)/ বেটুপাতৰ কেৰিকেচাৰ- প্ৰদীপ নাথ/ মূল্য- ১০০.০০ টকা/ মুঠ পৃষ্ঠা- ৬৮৷ কিতাপখনৰ আঁৰৰ কাহিনী :- কিতাপখনৰ আৰম্ভনিতেই উল্লেখ আছে, চয়ন, পঢ়াকোঠাত সোমালেই ‘দেউতা, মোৰ বাবে কিতাপ এখন লিখাচোন’ বুলি তুমি আবদাৰ ধৰাৰ বাবেই ‘ডাঙৰ মানুহৰ সাধু’ ৰ জন্ম৷ এইখন সেই কাৰণে তোমাকেই দিলোঁ৷’ লেখক দিগন্ত ওজাই পুত্ৰ নিষাদ চয়ন ওজাৰ আবদাৰত লিখা কিতাপকখনে ২০২২ বর্ষত সাহিত্য অকাডেমীৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে৷ প্ৰাথমিক বিদ্যালয়ৰ পঢ়ুৱৈ/ শ্ৰোতাৰ উপযোগীকৈ ঘৰুৱা আৰু স্কুলীয়া পৰিবেশৰ মাজেৰে আ…
ৰমনীয় অতীত (স্মৃতিকথা)- পেব্ল’ নেৰুদা অনুবাদ- ডাঃ কমলা (গোহাঁই) সেনগুপ্ত শান্তি প্ৰকাশন/ প্ৰথম প্ৰকাশ-১৯৮৮ (দ্বিতীয় প্ৰকাশ ২০১২) / মূল্য-২৭৫’০০ টকা/ মুঠ পৃষ্ঠা-৪৪৩ নেৰুদাৰ নামত উৎসর্গ কৰা ডাকটিকট কিতাপ আৰু নেৰুদাৰ বিষয়ে :- পাব্ল নেৰুদা লেটিন আমেৰিকাৰ দেশ চিলিৰ কবি পাব্ল নেৰুদা (১৯০৪-১৯৭৩)ৰ সম্পূর্ণ নাম নেফতালি ৰিকার্ডো ৰেয়িছ বাছোৱালটো৷ সর্বহাৰা খনি শ্ৰমিক, কৃষক, পথভ্ৰষ্ট নিবনুৱা যুৱক-যুৱতী, বেশ্যা আৰু মগনীয়াৰ পৰা আৰম্ভ কৰি পুলিচ, সৈনিক ৰাষ্ট্ৰনায়ক আৰু কোটিপতি লৈকে তেওঁৰ অনুৰাগী আছিল৷ গেব্ৰিয়েল গার্চিয়া মার্কেজৰ মতে ‘পেব্ল নেৰুদা সর্বকালৰ সব…
দ্য ছৌল্ অব্ দ্য ৰাইন’- হেমন্ত আৰ. মিশ্ৰ/ সহযোগী- জিম অটাৱে জুনিয়ৰ/ ভাষান্তৰ- বিপুল দেউৰী বনফুল/ প্ৰথম প্ৰকাশ- ২০১৬/ মূল্য-২৯০.০০/ মুঠ পৃষ্ঠা- ৩১১ মূল ইংৰাজী কিতাপৰ ফটো মূল লেখকৰ বিষয়ে :- নেপালৰ বাসিন্দা হেমন্ত আৰ. মিশ্ৰ এগৰাকী প্ৰকৃতিবিদৰ লগতে সাহসী আৰু আকর্ষণীয় লেখক৷ বর্তমান ভার্জিনিয়াৰ ভিয়েনাত বসবাস কৰা মিশ্ৰ স্মিথছোনিয়াম ইনষ্টিটিউশ্যন, দ্য বর্ল্ড বাইল্ড লাইফ ফাণ্ড আদি গুৰুপ্তপূর্ণ সংৰক্ষণ গোটৰ হৈ কাম কৰিছে৷ নেপালৰ দক্ষিণাঞ্চলৰ টেৰাইৰ চিটৱান অঞ্চলত বাস কৰা মানুহৰ পৰম্পৰা, ৰীতি-নীতি আৰু ধর্মীয় ঔপচাৰিকতা, চোৰাং চিকাৰ আদিৰ ওপৰত গভীৰ অনুস…
বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড়- বুবুল শর্মা বহু আনন্দ প্ৰকাশন/ প্ৰথম প্ৰকাশ- ২০১৭/ প্ৰচ্চদ ফটো- বিতোপন কলং/ মূল্য- ২৩০.০০/ মুঠ পৃষ্ঠা- ১৯২ কিতাপখনৰ বিষয়ে :- গঁড় অসমৰ পৰিচয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গঁড়ৰ বাবে বিশ্ববিদিত৷ কিন্তু গঁড় বর্তমান সুৰক্ষিত নহয়৷ গঁড়ৰ বিষয়ে সকলো কথা সামৰি কাজিৰঙাৰ বুবুল শর্মাই প্ৰাঞ্জল ভাষাত কিতাপখন লিখি উলিয়াইছে৷ সম্ভৱত এইখন গঁড় বিষয়ক প্ৰথমখন অসমীয়া গ্ৰন্থ৷ কিতাপখনত গঁড় প্ৰজাতিৰ পুর্বপুৰুষ; ‘অৰুণোদই’ত গঁড়ৰ বর্ণনা; গঁড়ক লৈ প্ৰচলিত উপাখ্যানসমূহ; গঁড়ৰ ঐতিহ্য; গঁড়ৰ স্বাভাৱিক বিলুপ্তি; পূর্বতে ভাৰতীয় গঁড়ৰ বিচৰণ আৰু আবাসস্থলী…
মছনবী- ছুফী দার্শনিক ৰুমী/ অনুবাদ চফিউৰ ৰহমান শইকীয়া আঁক-বাক/ প্ৰথম প্ৰকাশ-২০২১/ মূল্য- ৮০০.০০ টকা/ মুঠ পৃষ্ঠা- ৬৩৯ হাতেলিখা মছনৱী (ফটো- উইকিপিডিয়া) ইংৰাজী অনুবাদ কিতাপখনৰ বিষয়ে :- মছনবী হৈছে কোৰান, হাদীছ আৰু কিংবদন্তিমূলক কাহিনীক সাৰথি কৰি কবিতাৰ মাধ্যমত লিখা কিতাপ৷ ফার্চী ভাষাত মছনবী হৈছে, ‘কাব্যিক অভিব্যঞ্জনাৰে পাঠকৰ মনোগ্ৰাহীকৈ লিখিত ছন্দোবদ্ধ কাহিনী কাব্য বা কৃত্ৰিম মালিতা৷ মছনৱীৰ আৰম্ভণিৰ দুয়োশাৰীত ছন্দৰ মিল হয়৷ ২৫,০০০ টা পংক্তি অথবা ৫০,০০০ শাৰীত বিভক্ত এই কাব্যখন ৬ টা ভাগত বিভক্ত৷ কবিতাত বর্ণিত গল্পকাহিনীৰ দ্বাৰা পাঠকক আকৃষ্ঠ কৰিব…
বুঢ়ী আইৰ সাধু- লক্ষ্মীনাথ বেজবৰুৱা প্ৰথম প্ৰকাশ ১৯১১/ লক্ষ্মীনাথ বেজবৰুৱা কিতাপখনৰ বিষয়ে :- অসমৰ বিভিন্ন ঠাইত মানুহৰ মুখত নানাৰকমকৈ প্ৰচিত আৰু কেইটামান নিজে লিখি প্ৰকাশ কৰা সাধুকথাৰ সংকলন৷ সংকলকক সাধু দি সহায় কৰিছিল ক্ৰমে- ভ্ৰমৰচন্দ্ৰ শইকীয়া, মহীচন্দ্ৰ বৰা, সীতানাথ শর্মা, সর্বেশ্বৰ শর্মা কটকী, ৰুদ্ৰকান্ত গোস্বামী, ওৱাজেদ আলি, নৰনাথ শর্মা, ৰোষেশ্বৰ শর্মা, পদ্মধৰ চলিহা, ৰত্নকান্ত শর্মা, হলধৰ ভূঞা, গোলোকচন্দ্ৰ শর্মা, মেঘনাথ ডেকা, ৰূপচন্দ্ৰ বৰুৱা, দীননাথ মেধি, লোকনাথ দাস, গোবিন্দ্ চন্দ্ৰ চৌধুৰী আৰু দীনেশ্বৰ দত্ত৷ ১৯১১ চনত কলিকতাৰ লৰেলচ, হাও…
বহাগী (অসমীয়া গৰখীয়া বনগীত) - নকুল চন্দ্ৰ ভূঞা লয়ার্ছ বুক ষ্টল/ষষ্ঠ সংস্কৰণ ১৯৬৩ (অষ্টম সংস্কৰণ ২০০১)/ মূল্য-৬০.০০ টকা/ পৃষ্ঠা- ২৫০ কিতাপখনৰ বিষয়ে :- এটা সময়ত পথাৰৰ মাজত ডেকা-গাভৰুৱে গোৱা বাইচ-অবাইচ বিহুগীতৰ কথা শুনিলে (হুঁচৰিৰ গীত নহয়) তথাকথিত শিক্ষিত লোকে নাম কোঁচাইছিল৷ তেনে সময়তে নকুলচন্দ্ৰ ভূঞাই দুইবছৰ (১৯১৭-১৯১৯) লগৰীয়াৰ উৎসাহত বছা বছা গীত সংগ্ৰহ কৰিল৷ বহু গীতত ৰুচি বিগহিত শব্দ গুচাই, তাৰ ঠাইত নতুন শব্দ দিছিল৷ এই ক্ষেত্ৰত সহায় কৰিছিল কৃষ্ণকান্ত সন্দিকৈ আৰু জিতেন্দ্ৰকুমাৰ দাসে৷ গীতৰ বহীখন এইবাৰ চাবলৈ দিয়া হ’ল পদ্মধৰ চলিহাক৷ তেখেতে …
Social Plugin